
মৰিগাঁওঃ একাংশ লোকে জনমত গঢ়িবলৈ ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াক৷ আন একাংশই অসামাজিক কামৰ বাবে ব্যৱহাৰ কৰে ছ'ছিয়েল মিডিয়াক৷
মৰিগাওঁ জিলাৰ ২নং গুণামৰাত শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে৷ এগৰাকী যুৱতীৰে ফেচবুক যোগে আত্মীয়তা গঢ়ি তুলি পৈশাচিক মনোকামনা পূৰ্ণ কৰি ৰঙা ঘৰৰ আলহী হয় কামৰূপ জিলাৰ বকোৰ এজন যুৱক।
জানিব পৰা মতে, কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বোন্দাপাৰাৰ নিবাসী ৰাহুল দাস (২৩) নামৰ যুৱকজনে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ২নং গুণামৰা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ছ'চিয়েল মিডিয়াযোগে চিনাকি হৈ আত্মীয়তা গঢ়ে৷
অভিযোগ অনুসৰি যুৱকজনে বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰে শাৰিৰীক সম্পৰ্ক গঢ়ি তুলি পৰৱৰ্তী সময়ত যুৱতীগৰাকীক প্ৰতাৰণা কৰে।
অৱশেষত উপায়ন্তৰ হৈ যুৱতী গৰাকী আৰক্ষীৰ কাষ চাপে। ধৰমতুল আৰক্ষীয়ে যোৱা নিশা বকো আৰক্ষীৰ সহযোগত ৰাহুল দাসক বোন্দাপাৰাৰ নিজ গৃহৰ পৰা আটক কৰে।
ধৰমতুল আৰক্ষীয়ে ধৃত ৰাহুলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৩৭৬ ধাৰাৰ অধীনত এটি গোচৰ(গোচৰ ন্ং ৭৮/২০১৭) ৰুজু কৰি আজি মৰিগাওঁ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত ৰাহুলক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।