
Yoga Journal
দলংঘাটঃ যোগ কৰি নিৰোগী হ’ব পাৰি৷ যোগে দেহ-মন সতেজ কৰি ৰাখে৷ এই কথাকে সাৰোগত কৰি দৰং জিলাৰ বলিপোতাৰ চৰনধৰাত ভাৰত স্বাভিমান ন্যাসৰ তত্বাৱধানত আৰু পতঞ্জলি যোগ সমিতি, চৰনধৰা আঞ্চলিক যোগ সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব সহকাৰী যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ৷
২৫ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষক উপস্থিত থাকি যোগ প্ৰশিক্ষণ প্ৰদান কৰিব। ভাৰত স্বাভিমান ন্যাসৰ দৰং জিলাৰ সহঃ প্ৰভাৰী কংকন নাথ আৰু চৰনধৰা আঞ্চলিক যোগ সমিতিৰ সম্পাদক মিজাংকৰ নাথে ২৫ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰলৈকে চৰনধৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব বুলি জানিব দিয়ে৷