ছাত্ৰ মুক্তিৰ শিৱসাগৰ নগৰ সমিতি গঠন

শিৱসাগৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ এখন সভা ৰবিবাৰে শিৱসাগৰ নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায়।

ৰিতুমনি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ, গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক ল্যু-চুন শ্যাম গোঁহাই উপস্থিত থাকি শিক্ষা সমস্যাৰ লগতে জাতীয় জলন্ত সমস্যা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

সভাত সুজিৎ চহৰীয়াক সভাপতি, ৰবি শৰ্মাক কাৰ্য্যকৰী সভাপতি আৰু আবিদুৰ আলি, ৰাহুল দত্তকে যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।