
কাকপথাৰঃ বুধবাৰে প্ৰতিবাদত উত্তাল হৈ পৰে ডুমডুমাৰ বৰডুবি চাহবাগিছা। বিভিন্ন দাবীৰ প্ৰতিবাদত আৰু বাগিছা মেনেজমেন্টৰ একনায়কত্ববাদী মনোভাৱৰ বাবে আটছাৰ কাকপথাৰ উপ শাখা সমিতিয়ে বৰডুবি বাগিছাৰ কাৰ্যলয়ৰ সন্মুখত বিয়লি ৫ বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
বাগিছাখনৰ মুখ্য পৰিচালকগৰাকীয়ে আটছাৰ এটা সজাতি দলক কৰা অপমানৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে।
বাগিছা কৰ্তৃপক্ষই শ্ৰমিকক কৰা শোষণ-বঞ্চনা কোনো কাৰণতেই সহ্য কৰা নহ'ব বুলি আটছাই সকীয়াই দিয়ে। প্ৰায় শতাধিক আটছা কৰ্মী আৰু শ্ৰমিকে বাগিছাৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
পিছত কেইবাটাও দাবী সন্নিবিষ্ট এখন স্মাৰক পত্ৰ বাগিছাৰ মুখ্য পৰিচালকলৈ প্ৰেৰণ কৰে প্ৰতিবাদী আটছা কৰ্মীসকলে।