
নগাঁও টাউনঃ নগাঁও জিলা জ্যেষ্ঠ নাগৰিক কল্যাণ সন্থাৰ উদ্যোগতো মঙলবাৰে দেশৰ ৭১সংখ্যাক স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। নগাঁও চহৰৰ আমিনপট্টিস্থিত সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগণত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মজিবুৰ ৰহমানে।
সন্থাই স্বাধীনতা দিৱস উপলক্ষে জিলাখনৰ ৫গৰাকী ৭০উৰ্ধৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনায়। এই জ্যেষ্ঠ নাগৰিক কেইগৰাকী হৈছে আলহাজ আবুল কালাম, আলহাজ চাহাব উদ্দিন, আলহাজ নুৰুল ইমান, ফৈজুদ্দিন আৰু আব্দুল খালেক।
অনুষ্ঠানটোৰ আঁত ধৰে সন্থাৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট নাট্যকাৰ আব্দুল ছোবানে। কাৰ্যসূচী অনুসৰি পিছত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰে ডাঃ মতিউৰ ৰহমান আৰু ফাৰ্মাচিষ্ট আনিছুচ জামান বক্সীয়ে।
এই শিবিৰত ৰক্তচাপ আৰু তেজৰ শৰ্কৰাও বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়। ইয়াৰ দ্বাৰা শতাধিক দুখীয়া লোক উপকৃত হয় বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক নুৰুল ইছলামে জানিবলৈ দিছে।