
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘেগেৰ আলগাত ৬ বছৰীয়া কিশোৰীৰ সলিল সমাধি হোৱাত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰে।
প্ৰাপ্ত বাতৰি মতে, বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত ঘেগেৰ আলগা ১ম খণ্ড গাঁৱত হেলিকপ্তাৰেৰে চৰকাৰে বিতৰণ কৰি থকা বিস্কুট ল'বলৈ উক্ত গাঁৱৰ মিজানুৰ ৰহমানৰ কন্যা তথা ২য় শ্ৰেণীৰ ছাত্ৰী খাদিজা খাতুনে (৬) খৰখেদাকৈ যায়।
বিস্কুট ল'বলৈ যোৱাৰ পথত বানৰ পানীত ডুবি মৃত্যুক সাৱটি লয় খাদিজাই। পিছত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজে দৰিদ্ৰ পৰিয়ালটোক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।