
শিৱসাগৰ/দিছাংমুখঃ শিৱসাগৰত বিগত কিছুদিন ধৰি হত্যা-ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পোৱাত প্ৰশাসনৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেবাটাও দল-সংগঠনে।
উল্লেখ্য যে কিছু দিন পূৰ্বে চহৰখনত এজন কাবুলীক হত্যা কৰাৰ লগতে, বৰপুখুৰীত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। ইয়াৰ পিছতে পুনৰ দীক্ষা ৰাজকুমাৰী নামৰ মহিলা এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহ বন্ধ কোঠাত পেলাই থৈছিল।
এনেধৰণৰ একাধিক ঘটনাৰ পিছতো আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিবলৈ অসমৰ্থ হোৱাত আৰু এই ধৰণৰ ঘটনা ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি আটাছু, আমছুকে আদি কৰি কেবাটাও সংগঠনৰ উদ্যোগত স্থানীয় ৰাইজে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে।
অনাগত দিনতো এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও সংগঠনৰ নেতৃবৃন্দই সকীয়াই দিয়ে। প্ৰতিবাদৰ অন্তত উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই।