গোসাঁইগাঁৱৰ জয়মাত পানীত পৰি ৩ শিশুৰ মৃত্যু

গোসাঁইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত আজি ৩টাকৈ শিশুৰ সলিল সমাধি ঘটে। পুৱা মহকুমাটোৰ ২ নং জয়মা গাঁৱত চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী পানীত পৰি মৃত্যু ঘটে।

প্ৰাপ্ত বাতৰি মতে,  উক্ত গাঁৱৰ বাসিন্দা ছফিউল আলীৰ  কন্যা মঞ্জুমা খাতুনে(১২) পুৱা ৮-৩০ বজাত সমনীয়াৰ সৈতে ঘৰৰ ওচৰৰে থকা জয়মা নদীৰ শ্লুইচগেটৰ পানীত গা ধুবলৈ গৈছিল। পানীত নমাৰ লগে লগে শ্লুইচগেটটোৰ পানী এৰি দিয়াত পানীৰ সোঁতে তেওঁক উটুৱাই লৈ যায়।

লগে লগে তাতে মাছ মাৰি থকা কেইজনমান লোকে পানীত ডুবি যোৱা ছোৱালীগৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও প্ৰায় এঘন্টা পাছত নিথৰ দেহটোহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়।

এই ঘটনাৰ কিছু সময় পাছততে উক্ত গাঁৱৰে দুটি কণ কণ শিশুৰ ঘৰৰ ওচৰত থকা এটি খালত পৰি মৃত্যু হয়। ২ নং জয়মা গাঁৱৰ বাসিন্দা সহৰ আলীৰ পুত্ৰ  জিয়াৰুল আলী(৪) আৰু নুৰনবী শ্বেখৰ কন্যা (৩) ঘৰৰ ওচৰত থকা এটি খালত পৰি মৃত্যু মুখত পৰে।