চৰকাৰ নহয়, বানাক্ৰান্তক দল-সংগঠনৰ সহায়

ডিব্ৰুগড়ঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ ২৬ খন জিলা৷ ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত সৰ্ব্বশ্ৰান্ত হৈছে৷ মৃত্যু ঘটিছে ৫০ জন লোকৰ৷ তথাপি গা লৰা নাই ৰাজ্য চৰকাৰৰ৷ আহৰি নাই ভুক্তভুগীৰ খবৰ লবলৈ৷

নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য৷

দুৰ্দশাগ্ৰস্থ লোকসকলক সকাহৰ বাট দেখুৱাই দিয়াৰ হকে আজি মটক যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু অসম জাতীয়তাবী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈয়ে বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু চৰকাৰী তথ্য অনুসৰি সলিল সমাধি ঘটা ৪৯ জন লোকৰ পৰিয়াললৈ ৩ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷

অানফালে মটক যুৱ ছাত্র পৰিষদ অাৰু অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ লেজাই মৌজা অন্তৰ্গত ইটাখুলী গাঁও, লেজাই বাম গাঁও, কলাখোৱা অাৰু দিহিং থান গাঁৱৰ বানাত্রুান্তৰ মাজত ৪০ বেগ চাউল, ৫০ কাৰ্টন বিস্কুত, ৪০ কাৰ্টন পানী বিতৰণ কৰে৷

মটক যুৱ ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি হিৰকজ্যোতি  গোহাঁই অাৰু সাধাৰণ সম্পাদক উমাকান্ত গগৈৰ নেতৃত্বত যোৱা দলটোৱে বানাক্ৰান্ত অঞ্চল সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷