কলঙৰ জলপৃষ্ঠ বৃদ্ধি, হাতীমুৰাৰ মথাউৰিটো ছিঙি নিয়া সন্দৰ্ভত হ’ব তদন্ত

নগাঁওঃ নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং সুতিৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধিহে পাই আছে৷ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ থকাত শংকিত হৈ পৰিছে ৰাইজ৷ যোৱা ১২ আগষ্টৰ মাজনিশা কলিয়াবৰত হাতীমুৰা বান্ধ ছিঙি যোৱাৰ পিছৰে পৰা নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ জলপৃষ্ঠ বৃদ্ধি হৈ আহিছে৷

বিগত এসপ্তাহ ধৰি কলঙেত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই থকাৰ বাবে কলঙৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকা দেখা গৈছে৷ ফলস্বৰূপে চহৰখনৰ কলং সুতিৰ পাৰৰ বহু এলেকা এতিয়া বানৰ কৱল পৰিছে৷ জানিব পৰা মতে, চহৰখনৰ শিয়ালমাৰী, হুজগাঁও, শিৱনগৰ, চকীটুপ, মধুপুৰ, আনন্দ নগৰ আদি বহু অঞ্চল বাঢ়নী পানীয়ে প্লাৱিত কৰিছে৷ পৰিণতিত ৰাইজ বহু সমস্যাৰ সন্মুখীন হৈছে৷

নগাঁৱৰ হাতীমুৰাৰ মথাউৰিটো ছিঙি নিয়া ঘটনাৰ তদন্ত কৰাৰ বাবে জিলা উপায়ুক্ত চমচেৰ চিঙে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথক মথাউৰিটো কি পৰিস্থিতিত ছিগিল তাৰ তদন্ত কৰি অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷

যোৱা ১২ আগষ্টৰ নিশা প্ৰায় ২ বজাত নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি থকা হাতীমুৰা মথাউৰিটো ছিঙি যায়৷ ৰনচণ্ডী ৰূপ ধাৰণ কৰি কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলায়। ৩খনকৈ পকী দলং কলঙৰ বুকুত জাহ যায়।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত। নগাঁও জিলাৰ কলিয়াবৰ ভয়ংকৰ বানপানীৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয়। ১৯৭২ চনৰ পাছত ভয়াবহ বানৰ কবলত পৰে কলিয়াবৰ৷ কলং নৈৰ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে থকা মথাউৰিটো ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰে কলিয়াবৰবাসী।