বড়ো ৰাজকুমাৰক ভাবুকিক লৈ ৰহস্য, NDFB(S)ৰ অস্বীকাৰ

কোকৰাঝাৰঃ বড়ো ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক নিষিদ্ধঘোষিত এনডিএফবিৰ হৈ বি মিথিংগাই মেজেছযোগে হত্যাৰ ভাবুকি দিয়াৰ পিছত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে আজি এনডিএফবিৰ সাধাৰণ সম্পাদক বি আৰ ফেৰংগাই সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে আৰু এয়া সংগঠনটোক বদনাম কৰাৰ বাবে দুষ্টচক্ৰৰ কুটিল ষড়যন্ত্ৰ বুলি মন্তব্য প্ৰকাশ কৰিছে। 

আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এনডিএফবি (স)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই কয় যে বড়ো জাতিৰ ৰাজকুমাৰ এগৰাকীক এনডিএফবিয়ে কোনো কাৰণতে মৃত্যুৰ ভাৱুকি প্ৰদান নকৰে আৰু এয়া নিশ্চিতভাৱে সংগঠনৰ নামত কোনোবা দুষ্টচক্ৰই কুটিল ষড়যন্ত্ৰ কৰিছে।

মোবাইল মেজেজযোগে দিয়া উক্ত বাৰ্তা প্ৰকৃততে কোনে প্ৰেৰণ কৰিছিল সেই বিষয়ে কাৰোবাৰ জ্ঞাত হলে , এনডিএফবিক জনোৱাৰ আহ্বান জনাই ইয়াৰ বাবে এক পুৰষ্কাৰো ঘোষণা কৰিছে। বাৰ্তা প্ৰেৰণকাৰীৰ নাম ঠিকনা এনডিএফবিক জনালে ৫০ হাজাৰ টকাৰ এক পুৰষ্কাৰ দিয়া হ'ব আৰু তথ্য যোগনীয়াৰৰ নাম সম্পূৰ্ণভাৱে গোপনে ৰখা হ'ব বুলি বিবৃতিত এনডিএফবি(স)ৰ সাধাৰণ সম্পাদক বিআৰ ফেৰেংগাই উল্লেখ কৰিছে।

আনহাতে সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰাধাৰ সমালোচনা কৰি বিআৰ ফেৰেংগাই কয় যে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই বড়ো জাতিৰ তেজ থকা সত্বেও সাংসদজনে বড়োবিৰোধী কাৰ্যত লিপ্ত হৈছে । 

উল্লেখ্য যে মৃত্যুৰ ভাৱুকি লাভ কৰাৰ পিছতেই পৃথ্বীৰাজ নাৰায়ন দেৱে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও পৃথ্বীৰাজৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

সেইমতে আৰক্ষীয়েও পৃথ্বীৰাজৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছিল। এতিয়া সমগ্ৰ ঘটনাৰাজী এনডিএফবি(স)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই অস্বীকাৰ কৰাত বিষয়টো ৰহস্যঘন হৈ পৰিছে।