‘মদাৰখাতত কবিতাৰ আবেলি’

লাহোৱালঃ কবি সন্মিলনৰ ডিব্ৰুগড় জিলাৰ মদাৰখাত শাখা সমিতিয়ে ‘মদাৰখাতত কবিতাৰ আবেলি’ শীৰ্ষক কবিতা অনুষ্ঠানৰ আয়োজন কৰিছে৷

ঘোঁৰামৰাস্থিত শিক্ষক ভৱনত অবা ২৫ আগষ্টত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’ব কবিতাৰ অনুষ্ঠানটো।

অনিমা দেউৰী বৰুৱাই সঞ্চালনা কৰিবলগীয়া কবি সন্মিলনৰ খনত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ আমন্ত্ৰিত কবি উপস্থিত থাকিব।