নগাঁৱত নিমিষতে জ্বলিল এখন ঘৰ

ধিংঃ দাউদাউকৈ জ্বলি উঠিল এখন ঘৰ৷ নিমিষতে জ্বলি ছাই হৈ গ’ল সকলো৷ পৰিয়ালৰ আৰু ৰাইজৰ মাজত হুৱাদুৱা পৰিস্থিতি৷ মৰমৰ ঘৰখনৰ ঠাইত মাথো পৰি ৰ’ল এসোপা ছাই৷

সোমবাৰে ৰাতি নগাঁও জিলাৰ ৰাইডঙীয়াৰ  নতুন ভোগবাৰী গাঁৱৰ টংক শইকীয়া নামৰ লোকজনৰ ঘৰত ঘটিল এই অঘটন৷ দিনটোৰ কৰ্ম ব্যস্ততাৰ শেষত নিশা ভাগৰৰ টোপনি৷ তেতিয়াই কৃষক পৰিয়ালটোৰ সাঁচি থোৱা খেৰৰ মেজীটোত জুই লাগে৷ আৰু তাৰ পাছতেই সেই জুই ঘৰলৈকো শিপায়৷

যেতিয়া পৰিয়ালটোৰ টোপনি ভাঙে, তেতিয়া চৌপাশে মাথো জুই আৰু জুই৷ লগে লগে পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে৷ লেলিহান জুইৰ শিখা দেখি ওচৰ চুবুৰীয়াও ওলাই আহে৷ যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ আপ্ৰান চেষ্টা চলায়৷

এটা সময়ত ওচৰ চুবুৰীয়াৰ তৎপৰতাত জুই নুমায় যদিও তেতিয়ালৈ সকলো জ্বলি ছাই হৈ পৰে৷ অৱশ্যে এই ঘটনাত কোনো ব্যক্তি বা জীৱ-জন্তুৰ ক্ষতিসাধন হোৱা নাই৷