
ডিব্ৰুগড়ঃ জনসংযোগ বিভাগৰ কেলেংকাৰীৰ তদন্তত স্থৱিৰ হোৱা বুলি চৰ্চা হৈ থকাৰ সময়তে আজি ডিব্ৰুগড়ত জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।
মূখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰিদৰ্শক বিনয় কুমাৰ বৰ্মণৰ নেতৃত্বত আজি ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিযান চলাই বহু নথি প্ৰত্ৰ পৰীক্ষা আৰম্ভ কৰিছে। কাইলৈ পৰা অধিক সক্ৰিয়তাৰে এই কেলেংকাৰীৰ তদন্ত কৰিব বুলিও জানিবলৈ দিছে অভিযান কালত।
বিশেষকৈ "ভিজন আছাম, মিছন আছাম"ৰ প্ৰচাৰৰ অৰ্থে লগোৱা হৰ্ডিংকলৈ ৰাজ্যত হৈছিল কেলেংকাৰী। ডিব্ৰুগড়ৰ বাবেও ভিন্ন আকাৰৰ ৯৩ টা হৰ্ডিংৰ বাবদ মুকলি কৰিছিল ধন। ১০/৫ আকাৰৰ হৰ্ডিং আৰু পোষ্টাৰ সমূহ সঠিককৈ লগোৱা হৈছিল নে তথা এই ধনৰ সদ্ ব্যৱহাৰ হৈছিল নে নাই তাৰেই তদন্ত কৰিছে তদাৰকী কোষে।
ইয়াৰ বাবে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ তৰফৰ পৰাও এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে সমিটিৰ অন্যতম সদস্য তথা অতিৰিক্ত উপায়ুক্ত সঞ্জয় দত্তই।
তদাৰকী কোষৰ বিষয়া গৰাকী আজি আৰু কাইলৈ ডিব্ৰুগড়তে থাকি তন্ন তন্নকৈ পৰীক্ষা কৰিব নথিপত্ৰসমূহ। তদুপৰি তদাৰকী কোষে ডিব্ৰুগড়ৰ পৌৰসভাৰ কাৰ্য্যালয়তো অভিযান চলোৱাৰ সম্ভাৱনা আছে।
আনহাতে অভিযানৰ অন্তত জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকাৰীৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে৷