
খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলংত ফুলিব ধৰিছে পদুম৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদ বিজেপিয়ে দখল কৰাৰ পাছত দলটোৱে শিপাইছে সমবায় সমিতিলৈ৷ পশ্চিম কাৰ্বি আংলং তথা ডংকামোকামৰ ঘেলানীস্থিত ৰংখাং বহুমুখী সমবায় সমিতিৰ মঙলবাৰে নিৰ্বাচন অনুষ্ঠিত হৈ যায়৷
১৫ জনীয়া সদস্যৰে গঠিত সমবায় সমিতি খনৰ অনুষ্ঠিত নিৰ্বাচনত ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা কৰে৷ ইয়াৰে সংৰক্ষিত অনুসুচীত জাতি আৰু অনুসুচীত জনজাতি তিনিগৰাকীয়ে প্ৰতিদণ্ডীতা কৰাৰ লগতে সংৰক্ষিত মহিলাৰ সদস্যতো তিনিগৰাকীয়ে প্ৰতিদ্বণ্ডীতা কৰে৷ নিৰ্বানত থিয় দিয়া মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫ গৰাকীয়েই হৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী৷
নিৰ্বাচনত ১৫ জনকৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়েই জয় লাভ কৰে৷ সমবায় সমিতিখনত মুঠ ৪৩৬ গৰাকী অংশীদাৰৰ ভিতৰত ৩১৭ গৰাকীয়ে ভোটদান কৰে৷ নিৰ্বিচনত বিজেপি সমৰ্থিত প্ৰাৰ্থী ক্ৰমে বিক্ৰম টেৰনে ২৩৭ টা ভোট লাভ কৰাৰ বিপৰীতে আগষ্টিন ক্ৰামছাই ২৩০টা ভোট, বাবু তিমুঙে ২১৫, মংগল বেয়ে ১৯৯ টা, কাৱন তিমুংপি আৰু জনিছ কাথাৰে ১৯৬ টা, নেৱাৰছং ৰংহাং আৰু হাৰমন বেয়ে ১৯৩ টা, গ্লৰিছ টেৰনপি ১৮৪ টা, ইম ৰংহাং ১৮৩, ছেমুয়েল টেৰন ১৭৯ টা, বিটেন মাৰাক আৰু ৰঞ্জিত বেয়ে ১৭৬ টা, ৰামু বড়োয়ে ১৬২ টা আৰু ৰূপছিং তিমুঙে ১৬০ টা ভোট লাভ কৰি বিজয়ী হয়৷