মিৰ্জা, বিজয়নগৰ, উপৰহালীত বান সাহায্য সংগ্ৰহ

আজাৰাঃ ৰাজ্যৰ বানপীড়িতক সহায়ৰ বাবে ওলাই আহিছে যুৱ প্ৰজন্ম৷ উজনিৰ পৰা নামনিলৈ দল-সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠানৰ নেতৃত্বত যুৱ প্ৰজন্ম ওলাই আহে৷  

জুবিন গাৰ্গৰ লগতে ৰাজ্যৰ বহু শিল্পীয়ে বানপীড়িত লোকক সহায় কৰিবলৈ ওলাই আহে৷ বানপীড়িতক সহায় কৰাৰ বাবে বান সাহায্য সংগ্ৰহৰ বাবে আজি ওলাই আহিল মিঃ ইণ্ডিয়া খ্যাত অসম সন্তান গোলাপ ৰাভা।

দক্ষিণ কামৰূপৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্যতা’ৰ উদ্যোগত আৰু ৰূপালীম ডেভেলপমেণ্ট অৰ্গেনাইজেচনৰ সহযোগত পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাইত বানপীড়িত লোকসকলৰ বাবে বান সাহায্য সংগ্ৰহ কৰে ৰাভাই।

সমষ্টিটোৰ বাণিজ্যিক কেন্দ্ৰস্থল মিৰ্জা, বিজয়নগৰ, উপৰহালী, বাগান, লোহাৰঘাট, ৰাণী আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, পথচাৰী আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে।

বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকক সাহায্য প্ৰদান কৰাৰ বাবে এই অভিযান আৰম্ভ কৰে স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই। স্ব-ইচ্ছাই দিয়া বিস্কুত, কাপোৰ আৰু নগদ ধন সংগ্ৰহ কৰে মিঃ ইণ্ডিয়া খ্যাত গোলাপ ৰাভা আৰু একাংশ যুৱক-যুৱতীয়ে৷