
আজাৰাঃ শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পোৱা বিলুপ্তপ্ৰায় বন-ৰৌ ওলাল মানুহৰ চোতালত৷ বন-ৰৌ ওলোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাত বন-ৰৌ চাবলৈ হেতা ওপৰা লাগিল দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ ২নং জীয়াকুৰত৷
২নং জীয়াকুৰৰ প্ৰতাপ কলিতা নামৰ লোকজনৰ ঘৰৰ চোতালত আজি বনৰৌ উদ্ধাৰ হয়। প্ৰতাপ কলিতাৰ ঘৰৰ চোতালত বনৰৌটো প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহায়ত ধৰি ৰছীৰে বান্ধি গতাই দিয়ে বনবিভাগক। স্থানীয় লোকে বনৰৌটোৱে বানৰ কবলত পৰি জনাঞ্চললৈ ওলাই অহা বুলি সন্দেহ কৰে।