
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
কাজিৰঙাঃ বোকাখাতৰ পথ দূৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ থিতাতে মৃত্যু হয়৷
বোকাখাতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত পথৰ বৰজুৰিত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ইন্দ্ৰেশ্বৰ দাস নামৰ লোকজন৷
চাইকেল আৰোহী চলাই আহি থাকোতে ইন্দ্ৰেশ্বৰ দাসক পিছফালৰ পৰা খুন্দা মাৰে AS-01-GC-0431 নম্বৰৰ তীব্ৰবেগী ট্ৰাক খনে৷ পথত বাগৰি পৰা ৰক্তক্ষৰণ হৈ থিতাতে মৃত্যু হয় লোকজনৰ৷