
শিৱসাগৰঃ ঐকৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সচাকৈয়ে মানুহৰ মানৱতাল স্খলন হ’ল নেকি৷ মৰম, ভালপোৱা, স্নেহ হেৰাই গ’ল নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক শিয়াল-কুকুৰৰ মুখলৈ দলিযায় দিব পৰা হ’ল৷ বিগত এমাহত কামৰূপৰ আজাৰাত, ঢেকীয়াজুলি, বালিপৰা আদি ঠাইত সদ্যোজাত কেচুৱাক শিয়াল কুকুৰৰ মুখত পেলাই থৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এনেবোৰ প্ৰশ্নই মানুহৰ মনত উক দিছে৷
যিটো সময়ত এটি সন্তানৰ বাবে সন্তাহীনা দম্পত্তীয়ে এটি সন্তানৰ বাবে হাহাকাৰ কৰি ডাক্তৰ, কিবৰাজৰ ওচৰত ঘুৰি লাখ লাখ টকা খৰছ সেই সময়তে সমাজৰ ভয়ত নিজ গৰ্ভত থিতাপি লোৱা সন্তানক জংঘলত দলিয়াই দিয়া প্ৰথা আৰম্ভ হৈছে ৰাজ্যত৷ অবৈধ সম্পৰ্ক নতুবা যিয়ে নহওক নিজকে সমাজৰ চকুৰ পৰা বচাবলৈ এনে কাণ্ড সংঘটিত কৰে একাংশ লোকে৷
শিৱসাগৰত আজি এটি স্দ্যোজাত কেচুৱাক পথৰ দাঁতিত পেলাই তৈ য়ায কোনো লোকে৷ শিৱসাগৰ নগৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কিনকিনিয়া বৰষুণৰ মাজত পৰুৱাৰ কামোৰ খাই পৰি এটি পানী কেচুৱা প্ৰাতঃ ভ্ৰমণলৈ অহা এগৰাকী কিশোৰীয়ে প্ৰত্যক্ষ কৰে। খবৰ ৰাষ্ত্ৰ হোৱাত এগৰাকী মহিলাই তুলি লৈ ঘৰলৈ নিয়ে কেচুৱাটোক। পাছত চাফ-চিকুন কৰি কেচুৱাটোক আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে কন্যা সন্তানটোক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।