
ডিফুঃ সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আৰক্ষী থানা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাবে অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰি নাৰায়ণ বৰুৱাৰ ৪৮ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়৷
পুৱা ডিফু থানাত বৃক্ষ ৰোপন কৰাৰ লগতে প্ৰতিষ্ঠাপক গৰাকীৰ স্মৃতিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতীক থ' বেই, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাস, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া লালমোহন গোৱালা, উপ পৰিদৰ্শক নিতুমনি হাজৰিকা আৰু থানা সমিতিৰ সভাপতি আৰু উপ-সভাপতি হেমাৰী তিমুঙ আৰু আব্দুল মতিন তালুকদাৰে বন্তি প্ৰজলন কৰে৷
ডিফু থানাৰ সভা কক্ষত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ভাৰতৰ অইন ৰাজ্যত নথকা গাঁওৰক্ষী বাহিনীৰ দৰে এটা মহৎ সংগঠন জন্ম দি প্ৰতিষ্ঠাপক প্ৰয়াত হৰি নাৰায়ণ বৰুৱাই মানৱ জাতিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ আহোপুৰুষাৰ্থ কৰি গৈছে৷
জৰুৰীকালীন অৱস্থাত গাঁওৰক্ষী বাহিনীয়ে কৰি অহা সেৱা অনস্বীকাৰ্য্য ৷ আনহাতে সভাৰ কাৰ্য সূচীৰ অনান্য শিতানত উপস্থিত গাঁওৰক্ষী বাহিনীৰ কেইবাগৰাকী কৰ্ম কৰ্ত্তাই মূল্যবান ভাষণ প্ৰদান কৰি প্ৰয়াত বৰুৱাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে৷ আনহাতে একাংশ সদস্যই গাঁওৰক্ষীৰ মাননী বৃদ্বি কৰাৰ লগতে কৰ্তব্যত পৰ্যাপ্ত সামগ্ৰী যোগান ধৰিবলৈ অনুৰোধ জনায় ৷