
গুৱাহাটীঃ ধৰ্মপ্ৰাণা মহিলা নৰেশ্বৰী দাসক স্মৰণ কৰে মহানগৰীৰ গাড়ীগাঁও, সদিলাপুৰ অঞ্চলৰ লোকে৷ গুৱাহাটী বিশ্ববিদ্যালয় নামঘৰ কলনিত ধৰ্মপ্ৰাণা মহিলা নৰেশ্বৰী দাসৰ প্ৰথম বাৰ্ষিকী আজি পালন কৰা হয়৷
মহানগৰীৰ গাড়ীগাঁও, সদিলাপুৰ আদি অঞ্চলৰ বিভিন্ন নামঘৰ, সামাজিক অনুষ্ঠান, সংঘকে ধৰি বিভিন্ন অনুষ্ঠানত আগভাগ লোৱা ধৰ্মপ্ৰাণ মহিলা নৰেশ্বৰী দাসে।
কামৰূপ, কামৰূপ গ্ৰাম্য, বাক্সা, গোৱলপাৰা, ওদালগুৰিকে ধৰি কেইবাখনো জিলাৰ লোক উপস্থিত থাকে নৰেশ্বৰী দাসৰ আজি প্ৰথম বাৰ্ষিকীত। ভাৱত পাঠ, কীৰ্তন, ওজাপালি, আৰু নিশা ছোৱালীৰ নাগাৰা নাম আয়োজন কৰে। উচ্চ ৰক্তচাপত ৮২ বছৰ বয়সত মৃত্যুক সাৱটি লয় দাসে৷