
দিছাংমুখঃ গৰম চিঙৰা চোবাই থাকোতে যদি মুখত আলপিন লাগে ধৰে কেনে বিলাই-বিপত্তি হ’ব পাৰে ভাবক৷ তৎমুহূৰ্ততে আপোনাৰ ওঁঠ-জিভা বিন্ধি ৰক্তক্ষৰণ হ’ব পাৰে৷ মুঠৰ ওপৰত চিংৰাৰ ভিতৰত আলপিন সোমাই থাকিলে বিপদ অনিবাৰ্য।
চিংৰাৰ ভিতৰত আলপিন আছিল। কিন্তু ভাগ্যক্ৰমে বাছি গল আনোৱাৰ হুছেইন নামৰ লোক এজন৷ শিৱসাগৰৰ দলমুখ চাৰিআলিৰ হোটেল ৰসৰাজত সন্ধিয়া প্ৰায় ৬-৩০ বজাত আনোৱাৰে চাহ আৰু চিঙৰা খাবলৈ বুলি প্ৰৱেশ কৰিছিল৷
হোটেলত প্ৰৱেশ কৰি চিংৰা চাহৰ অৰ্ডাৰ দিয়ে লোকজনে। এটা সময়ত টেবুলত চাহ আৰু গৰম চিঙৰা আহে। কিন্তু গৰম চিঙৰা পোনে পোনে মুখলৈ নিয়াৰ পৰিৱৰ্তে ঠাণ্ডা কৰি খাবলৈ প্লেটত টুকুৰা টুকুৰ কৰে আনোৱাৰে৷
প্লেটত টুকুৰা কৰোতেই চিঙৰাৰ চবজিৰ মাজৰ পৰা ওলাই পৰে এটি আলপিন৷ চিঙৰাৰ মাজৰ পৰা আলপিন ওলোৱাত ক্ষোভিত হৈ পৰে আনোৱাৰ৷ হোটেল কৰ্তৃপক্ষক আলপিন ওলোৱা কথাটো অৱগত কৰাত এই কথা গোপনে ৰাখিবলৈ অনুৰোধ জনায়৷
আনোৱাৰে গোপনে নাৰাখি উপস্থিত লোকসকলক অৱগত কৰে। তাৰ পাছতে শিৱসাগৰৰ মাজ-মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত শিৱসাগৰ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।