দীক্ষা হত্যাকাৰীক আটক কৰক, শিৱসাগৰৰ ৰাজপথত শ শ মহিলা

জয়সাগৰঃ যোৱা ১১ আগষ্টত তলা বন্ধ কোঠাত দুই সন্তানৰ মাতৃ এগৰাকীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি শিৱসাগৰত আজিও চাঞ্চল্য অব্যাহত আছে৷ শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ ভাড়াঘৰত দীক্ষা ৰাজকুমাৰী নামৰ মহিলাগাৰকীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷

চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ কন্যা দীক্ষা ৰাজকুমাৰীৰ একেটা অঞ্চলৰে মাউৎ গাঁৱৰ ৰাজীৱ বৰগোঁহাইৰ সৈতে প্ৰায় ১১ বছৰ পূৰ্ব সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হৈছিল৷

গুৱাহাটীৰ বেলতলাত থাকিবলৈ লোৱা দীক্ষাৰ স্বামী ৰাজীৱ আৰু দীক্ষাৰ মাজত প্ৰায়ে মতানৈক্য হৈ আছিল৷ দীক্ষাই শিৱসাগৰৰ মথুৰাপুৰৰ ঘৰ এৰি যোৱা ১৯ জুলাইৰ পৰা শিৱসাগৰত থাকিবলৈ লৈছিল৷ দীক্ষা ৰাজকুমাৰীয়ে শিৱসাগৰৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মত যোগদান কৰি ভাৰাঘৰত থাকিবলৈ লৈছিল৷

৮ আগষ্টৰ পৰা দীক্ষা সন্ধানহীন হৈ থকাৰ লগতে বন্ধ আছিল দীক্ষাৰ ম'বাইল ফোন৷ তাৰ পাছত ১১ আগষ্টত তলা বন্ধ কোঠাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ৷ দীক্ষা ৰাজকুমাৰী নামৰ মহিলাগৰাকীৰ হত্যাকাৰীক আটক কৰাৰ দাবীত আজি শ শ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰত৷

জাগৃত নাৰী সমাজে নামৰ সংগঠনটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্ল’গানেৰে জিলা কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

শেহতীয়াকৈ নগৰ খনত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা নাৰী হত্যা-নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে৷ ঘটনাসমূহৰ দোষীক গ্ৰেপ্তাৰ কৰা গোচৰ সমূহ চিবিআইক হস্তান্তৰ কৰাৰ দাবী জনাই প্ৰতিবাদী মহিলাসকলে৷

শীঘ্ৰে হত্যাকাণ্ড সমূহৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান নকৰিলে নাৰী সমাজ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব বুলি স্পষ্ট কৰি দিয়ে জাগৃত নাৰী সমাজে। আনহাতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা অশ্বীনি কুমাৰ চেতিয়াই প্ৰতিবাদস্থলীত উপস্থিত থাকে৷