কলিয়াবৰত কলিয়াবৰ মহাবিদ্যালয়ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক বান সাহায্য বিতৰণ

কলিয়াবৰঃ বান গল৷ কিন্তু এতিয়াও মাৰ যোৱা নাই বানৰ বিভীষিকা৷ এটুপি পানী, এমুঠি চাউলৰ মাজত এতিয়াও বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি৷ ক’ত জনৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি দিয়া বানৰ বুকুত জাহ যায় সপোনৰ ঘৰখন, গোহালিৰ গৰুহাল, কিতাপৰ টোপলাটো অথবা কাপোৰযোৰ৷

সেয়ে বানে ধুই যোৱা কলিয়াবৰ অঞ্চলত বান বিধ্বস্ত ছাত্ৰ-ছাত্ৰীসকলক পূুনৰ উদ্জীৱিত কৰিবলৈকে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয় খনত পঢ়ি থকা বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ মাজত ২৪ আগষ্ট ২০১৭ তাৰিখে শৈক্ষিক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।

বানে সৰ্বস্বান্ত কৰা কলিয়াবৰত এতিয়াও বহু ছাত্ৰ-ছাত্ৰীৰ আশ্ৰয় বান শিবিৰ৷ এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক বহী, কলম, দুযোৰ ইউনিফৰ্ম তথা নগদ ৬০০ টকা কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হয়৷

তদুপৰি ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক যথাসম্ভৱ পাঠ্যপুথিৰ যোগান ধৰি সহায় কৰা হ’ব বুলিও কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ চলিহাই জানিবলৈ দিয়ে।

নিজৰ প্ৰয়োজনীয় কলেজীয়া ইউনিফৰ্মযোৰ আৰু পাঠ্যপুথিৰ টোপোলাটো পায় স্বাভাৱিকতে আনন্দিত হোৱা দেখিবলৈ পোৱা যায় বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলক।