অগপ নেতাৰ মৃত্যু, মোৰাঝাৰত শোকৰ ছাঁ

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ বিশিষ্ট নাগৰিক, অগপ নেতা মোৰাঝাৰ বজাৰ জামে মছজিদ সমিতিৰ সভাপতি আলহাজ ফয়জুৰ ৰহমানে বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লোৱাত শোকৰ ছাঁ পৰে মোৰাঝাৰত৷ মোৰাঝাৰ চিনিয়ৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক সম্পাদক দায়িত্ব পালন কৰাৰ লগতে মোৰাঝাৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৰহমান৷

অসম গণ পৰিষদৰ এজন সক্ৰিয় কৰ্মী অগপৰ কাৰ্যকালত বিভিন্ন উন্নয়ণ মুলক কামৰ সৈত জড়িত আছিল সমাজকৰ্নীগৰাকী৷ তেওঁৰ মৃত্যুত স্থানীয় আমছু, এন এছ ইউ আই, বিন্নাকান্দি ব্লক কংগ্ৰেছ, অসম গণ পৰিষদ দলৰ স্থানীয় নেতা বদৰুল ইছলামলগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শোক প্ৰকাশ কৰে৷

মোৰাঝাৰ চিনিয়ৰ মাদ্ৰাছা পৰিয়াল, গাইডেন্স জুনিয়ৰ কলেজ কৰ্তপক্ষই শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মোৰাঝাৰ অঞ্চলে এজন অভিভাৱক হেৰুওৱা বুলি কয় বিভিন্নজনে। কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত স্থানীয় বজাৰ মছজিদত ১০.৩০ বজাত জনাজা সম্পন্ন কৰা হয়৷