ডিব্ৰুগড়ত ৰেলৰ দবাৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ঃ ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত ৰেলৰ দবাত এগৰাকী মহিলাৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত আজি পুৱা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটী-ডিব্ৰুগড় ৰেলৰ এটা বন্ধ দবাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।

যাত্ৰী নথকা দবাটোত পুৱা ৰেলৰ সামগ্ৰী ধোৱা লোকে প্ৰথম প্ৰত্যক্ষ কৰে বুলি জনাইছে। প্ৰায় ৪০ বছৰ বয়সৰ মহিলা গৰাকীক সঠিক ভাৱে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও মৃতদেহৰ কাষত পৰি থকা কাগজত তিনিচুকীয়াৰ  স্বপ্না দাস বুলি লিখা আছে। তদুপৰি মৃতদেহ অসংযত অৱস্থাত থকালৈ চাই মহিলাগৰাকীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

গাভৰুৰ পথাৰ আৰক্ষী চকীৰ অন্তৰ্গত বাণীপুৰত কেইদিনমান আগতেও উদ্ধাৰ হৈছিল এটা মৃতদেহ। আজি পুৱা ৬-৪৫ বজাত ৰেল আহি ষ্টেচন আহি পোৱাৰ কিছু সময়ৰ পিছতে মৃতদেহটো উদ্ধাৰ হয়।

আৰক্ষীয়ে বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে  আৰম্ভ কৰিছে অনুসন্ধান। মৃতদেহৰ কাষত উদ্ধাৰ হোৱা নথিপত্ৰৰ ভিত্তিতে অনুসন্ধান তথা চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।