
বিহগুৰিঃ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মূখ্য সচিব এম জি ভি কে ভানুৱে মুকলি কৰিলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ৷ শ্বহীদ নগৰী ঢেকিয়াজুলিত আজি ৬৫টাকৈ প্ৰধান মন্ত্ৰী আৱাস গৃহ মুকলি কৰে ৰাজ্যৰ অতিৰুক্ত মুখ্য সচিবগৰাকীয়ে৷ গৃহ মুকলি কলি বিধায়ক অশোক সিংঘালক প্ৰসংশা কৰে ৰাজ্য চৰকাৰৰ বিষয়াগৰাকীয়ে।
ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধিনৰ কেহেৰো খুন্দা, অমিয়পুৰ, মাজৰৌমাৰী, চাপৈ, বাতাচীপুৰ, নাহৰবাৰী, চেনীমাৰি, মিছামাৰি বাহঁবেৰা, গৰোবন্ধ, নাহৰবাৰী গডমৰা আদিকে ধৰি বিভিন্ন ঠাইত আজি প্ৰধান মন্ত্ৰী আৱাস গৃহ মুকলি কৰে বিধায়ক সিংঘালে৷
আমি কামেৰে পৰিবৰ্তন আনিছো বুলি কা বিধায়ক সিংঘালে কংগ্ৰেছ চৰকাৰৰ ইন্দিৰা আৱাস গৃহ চাই ৰাইজৰ বুজিবলৈ সহজ হ’ব কোনে আনিব পৰিবৰ্তন। আনহাতে কেহেৰো খুন্দা গাঁও পঞ্চায়তৰ হিতাধিকাৰী স্বদেশ দাসে চৰকাৰৰ ঘৰ লাভ কৰি অানন্দ প্ৰকাশ কৰে৷