
বিহালীঃ ২২ আগষ্টত নগাঁৱত প্ৰাক্তন আলফা কৰ্মীক শীতল মস্তিষ্কৰে পূজিপতি ব্যৱসায়ীয়ে শাৰীৰিক ভাবে কৰা আক্ৰমণৰ ঘটনাক আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদকদ্বয় ৰেজাউল কৰিম সৰকাৰ আৰু আইনুদ্দিন আহমেদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক যুটীয়া বিবৃতিৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷
বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য আগবঢ়োৱাৰ্থে বান সাহায্য সংগ্ৰহ কৰিব যোৱা কোনো অন্যায় হ’ব নোৱাৰে বুলি কৈ নাগপুৰৰ আশীৰ্বাদপুষ্ট ৰাজ্যৰ মিত্ৰশক্তিৰ চৰকাৰখনৰ কিছু নেতা-পালিনেতাৰ দপদপনি বাঢ়িছে বুলিও বিবৃতিযোগে আমছুৰ কেন্দ্ৰীয় সমিটিখনে ক্ষোভ উজাৰে৷
অসম আৰু অসমীয়া জাতীয়তাবাদক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি নাগপুৰীয়া ৰাষ্ট্ৰীয়তাবাদক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ অপচেষ্টা চলাই থকা সকলে পূৰ্ব পৰিকল্পনা অনুযায়ী নগাঁৱত অসমীয়া জাতীয়তাবাদত বিশ্বাসী দলটিক আক্ৰমণ কৰিছে বুলিও সমিটিখনে অভিমত প্ৰকাশ কৰে৷
এই আক্ৰমণ প্ৰাক্তন আলফাৰ ওপৰত নহয়, এই আক্ৰমণ অসমীয়া জাতীয়তাবাদৰ ওপৰত কৰা সু পৰিকল্পিত আক্ৰমণ বুলি কৈ অসমৰ সৰ্বস্তৰৰ ৰাইজে এই আক্ৰমণৰ ঘটনাক নিন্দা কৰি নাগপুৰীয়া ৰাষ্ট্ৰীয়তাবাদৰ কু-অভিসন্ধিক ঐক্যবদ্ধ ভাৱে প্ৰতিহত কৰিবলৈ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় আমছুৰ নেতৃবৃন্দই।
আনহাতে জাতীয় নায়কৰ আখ্যাৰে আখ্যায়িত হৈ জাতি-মাটি-ভেটি ৰক্ষাৰ নামত অসমবাসীক আৱেগিক কৰি বৃহৎ ব্যৱধানত জনাধেশ লৈ চৰকাৰ গঠন কৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ঘটনাৰ পিছত শিক্ষা লোৱা উচিত বুলি মত পোষণ কৰি আমছুৱে দোষীক অতিশীঘ্ৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷
ইয়াৰ উপৰিও ক্ষমতাৰ মোহৰ পৰা ওলাই আহি অসমীয়া জাতীয়তাবাদক ৰক্ষা কৰিবলৈ আৰু অসমীয়া জাতীয়তাবাদক বিনষ্ট কৰিব বিচৰা শক্তিক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায়৷ অন্যথা অসমৰ খিলঞ্জীয়া ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ প্ৰদান কৰে আমছুৰ নেতৃবৃন্দই৷