
মৰিয়ণীঃ নগাঁও কাণ্ড বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে৷ অসমীয়াৰ স্বাভিমানত আঘাত হনা কাৰ্যক কোনো থলুৱাই সহজে লব নোৱাৰি ৰাজ পথলৈ ওলাই আহিছে ৰাইজ৷
দেৰগাঁৱতো আজি স্থানীয় জাতীয় সংগঠনৰ নেতৃত্বত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷ দেৰগাঁৱত বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত জোৰ লৈ ওলাই আহি নগাঁও কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক লোকে৷
খিলিঞ্জিয়া বিৰুদ্ধী অপশক্তি হুচিয়াৰ, অসমীয়াৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব, অসম চৰকাৰ হায় হায় শ্ল’গান প্ৰতিবাদকাৰীসকলে আকাশ বতাহ কপাই তোলে। জাতি বৰ্ণ নিবিশেষে সকলো লোকক ওলাই আহি অসম আৰু অসমীয়াৰ স্বাৰ্থত মাত মাতিবলৈ আহ্বান জনাই দেৰগাঁৱৰ ৰাইজে৷