
নলবাৰীঃ ধনবল আৰু জনবলৰ হাৱা লাগিছে এজন ব্যৱসায়ীৰ গাত৷ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰীৰ পদধূলি পাই বাঢ়িছে অহংকাৰ৷ নলবাৰী জিলাৰ পাইকাৰকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত ‘প্ৰণিতা ৰেষ্টুৰেন্ট’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামনি অসমলৈ স্থলপথেৰে গ'লে প্ৰায়েই চাহ খাবলৈ সোমায়৷
সেই সুযোগতে মুখ্যমন্ত্ৰীৰ প্ৰিয়ভাজন হৈ পৰা বিলাসী ৰেষ্টুৰেন্টখনৰ মালিক নৃপেন দাসৰ মইমতালি চলে এতিয়া গ্ৰাহক তথা সাধাৰণ মানুহৰ ওপৰত৷
তেনে এক ঘটনা সংঘটিত হল মঙলবাৰেও৷ মঙলবাৰে দিনৰ ভাগত প্ৰণিতা ৰেষ্টুৰেন্টৰ সন্মুখত চানক্য বৰ্মন নামৰ টেম্প চালকজনে নিজৰ টেম্প’ ভানখন অগা-দেৱা কৰোঁতে প্ৰণিতা ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী নৃপেন দাসৰ চাৰিচকীয়া বাহনখনত সামান্য খুন্দা লাগে৷
ইয়াৰ পাছতে খৰ্গহস্ত হৈ নৃপেন দাসে টেম্প’ চালক চাণক্য বৰ্মনক কাঠেৰে প্ৰহাৰ কৰাৰ অভিযোগ তুলি উত্তেজিত ৰাইজে নিশা হোটেলখনৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
ইয়াৰ আগতেও স্থানীয় ৰাইজে নৃপেন দাস আৰু তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে গ্ৰাহক আৰু স্থানীয় ৰাইজক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে যদিও মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপুষ্ট ব্যৱসায়ীজনৰ বিৰুদ্ধে কোনেও মুখ খোলাৰ সাহস কৰিব নোৱাৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷
আনহাতে নিশা সংঘটিত হোৱা ঘটনাৰ পাছত ৰাইজৰ উগ্ৰমুৰ্ত্তি দেখি শেষত নৃপেন দাসে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়৷