এচি গাড়ীত উঠিলে উভতি নাহে আপোনাৰ পোহনীয়া ছাগলী

দলংঘাটঃ এচি গাড়ীত ঘুৰাৰ সুবিধা পাব পাৰে আপোনাৰ পোহনীয়া ছগলীটোৱে৷ কিন্তু এছি গাড়ীত উঠাৰ পাছত ছাগলীটো দুনাই উভতি নাহে আপোনাৰ ঘৰলৈ৷ হয়, দৰঙৰ ৰাজ পথত এতিয়া বিলাসী গাড়ীত ঘুৰিছে ছাগলী চোৰ৷ ৰাজ পথৰ দাঁতিত থকা ছাগলী দামী গাড়ীত উঠাই লৈ উধাও হয় চোৰ৷

যদি আপোনাৰ ছাগলীটো ৰাজ পথত থাকে তেনে সাৱধান হওক৷ মঙলবাৰে মঙলদৈৰ দিপীলা হাতীমাৰাত ৰাইজে দুই গভাইত ছাগলী চোৰক আটক কৰে।ৰাস্তাৰ পৰা AS-01L-0407 নম্বৰৰ চেন্ট্ৰ’ গাড়ীত ছাগলী ভৰাই লৈ যাব ধৰোতে ৰাইজে কৰায়ত্ব কৰে দুই চোৰক৷ তাৰ পাছতে আজি দৰং জিলাৰ লক্ষীমপুৰত দুই ছাগলী চোৰ আটক কৰে ৰাইজে।

অল্ট গাড়ীত আহি তিনিজন লোকে ছাগলী গাড়ীত উঠাব ধৰোতেই দলগাঁও থানাৰ অন্তৰ্গত বেচিমাৰীৰ ছফিকূল ইছলাম, জেহিৰুল হক আৰু চহিৰুদ্দিন আহমেদক ৰাইজে ধৰি বেয়াকৈ মাৰ ধৰ কৰে৷ লক্ষীমপুৰ অঞ্চলৰ পৰা বিগত সময়ত ছাগলী চুৰি হৈ আহিছিল যদিও চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী।