বিজেপিৰ ৰাজ্যিক সভাপতিক তুলাধুনা হাগ্ৰামাৰ

কোকৰাঝাৰঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে গৰজি উঠিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। ৰাজ্যত মিত্ৰ দলৰ চৰকাৰ বৰ্তি থকাৰ সময়তো মিত্ৰ দল বিপিএফৰ বিৰুদ্ধে বিভিন্ন সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আপত্তিজনক মন্তব্য কৰাৰ পিছত আজি হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে গৰজি উঠে। আগন্তুক সময়ছোৱাত ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত বিজেপি পুনৰাই শাসনত অধিষ্ঠিত হ'ব পাৰিব নে নাই তাৰ প্ৰতিহে বিজেপি দলক গুৰুত্ব দিবলৈ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে।

♦ ভাগ্যৰ বলতহে ৰাজ্যিক বিজেপিৰ সভাপতিৰ হৈছে ৰঞ্জিতেঃ হাগ্ৰামা

♦ লাফিকুলৰ হত্যাত জড়িত নহয় প্ৰাক্তন বিএলটি, হাগ্ৰামাৰ দাবী

♦ প্ৰাক্তন বিএলটি জড়িত থকাৰ প্ৰমাণ পালে এৰিব বিটিএডি চীফৰ পদ

♦ লাফিকুল কাণ্ডক লৈ উভতি ধৰিলে এখন কাকতৰ মুখ্য সম্পাদকক

আজি বডোলেণ্ড অতিথিশালাত আয়োজিত হোৱা এক সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে বিজেপি দলৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠি কয় যে ভাগ্যৰ বলতহে তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিছে যদিও আগন্তুক সময়ছোৱাত ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত বিজেপিয়ে শাসনৰ গাদী দখল কৰিব পাৰিব নে নাই তাৰ প্ৰতি সন্দেহ আছে।

উল্লেখ্যে যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে  ইতিপূৰ্বে মুছলপুৰত অনুষ্ঠিত হোৱা এক দলীয় সভাত আগন্তুক সময়ছোৱাত বিজেপিয়ে বিটিচি দখল কৰিব বুলি মন্তব্য প্ৰদান কৰিছিল। বিজেপিৰ ৰাজ্যিক সভাপতিৰ উক্ত মন্তব্যৰ পিছতে হাগ্ৰামা মহিলাৰী ক্ষুব্ধ হৈ পৰে আৰু বডোলেণ্ড অতিথিশালাত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে উষ্ম ভাষাৰে কয় যে বিজেপিয়ে যদি বিটিচি দখল কৰে তেন্তে আমিও অসম দখল কৰিম। বিজেপিৰ সভাপতিগৰাকীৰ মন্তব্য আমোদজনক বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক সভাপতি হৈ থকাৰ সময়তহে বিজেপিয়ে অসম দখল কৰিছিল। কিন্তু এতিয়া ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত অনাগত সময়ত বি জে পিয়ে ৰাজ্যত শাসনৰ গাদী দখল কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত চিন্তা চৰ্চা কৰিবলৈকো বিজেপি দলক পৰামৰ্শ প্ৰদান কৰে নেতাগৰাকীয়ে।

অসমখন কংগ্ৰেছ নাইবা অইন কোনো দলক দখল কৰিব দিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে ৰঞ্জিত দাসে বিটিচি দখল কৰাৰ পৰিৱৰ্তে অসমখন দখল কৰাৰ বাবে চিন্তা কৰক ৷ অন্যথা বিপিএফ দলে অসমখন দখল কৰিব বুলি হুংকাৰ দি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচি দখল কৰাৰ বাবে পূৰ্বৰে পৰা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত এবছু , কংগ্ৰেছ, অবড়োকে ধৰি বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰাৰ্থীয়ে প্ৰচেষ্টা চলাই আহিছিল যদিও সেয়া ফলপ্ৰসু নহ'ল বুলি হাগ্ৰামাই সদৰী কৰে৷

ৰঞ্জিত দাসে কোৱাৰ দৰে বিটিচি দখল কৰাটো ইমান সহজ নহয় বুলি হাগ্ৰামাই স্পষ্ট মত প্ৰকাশেৰে বিপিএফ দলে যোৱা বিধানসভা নিৰ্বাচনত  বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ বাবেই ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন কৰাত সহায়ক হল বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছে ৷ ৰঞ্জিত দাসৰ ভাগ্য ভাল বাবেই ৰাজ্যিক বিজেপিৰ সভাপতি আসন লাভ কৰিছে বুলিও হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰিছে ৷

ইপিনে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আঁৰত প্ৰাক্তন বি এল টি জড়িত থকাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে হাগ্ৰামা মহিলাৰী। বডোলেণ্ড অতিথিশালাত আয়োজিত সংবাদমেলত তেওঁ কয় যে লাফিকুল হত্যাকাণ্ডত প্ৰাক্তন বি এল টি কোনোপধ্যে  জড়িত নহয় আৰু হত্যাকাণ্ডত প্ৰাক্তন বিএলটি জড়িত থকা বুলি প্ৰমাণিত হ'লে তেওঁ বিটিচিৰ মুখ্য কাৰ্যবাহী পদ এৰি দিব বুলি বিস্ফোৰক মন্তব্য কৰে।

বিশেষ এখন দৈনিক কাকতে তেওঁৰ পিছত লাগি থকা বুলি মন্তব্য কৰি কাকতৰ সম্পাদকেই চিবিআই , চিআইডিৰ বা এছআইটিৰ ভূমিকা লৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে  হাগ্ৰামা মহিলাৰীয়ে। উক্ত কাকতৰ মুখ্য সম্পাদক গৰাকী কিছুদিন পূৰ্বে কোকৰাঝাৰলৈ আহিছিল আৰু তাৰ পিছৰে পৰা তেওঁৰ বিৰুদ্ধে লাগি থকা বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

এছ আই টি'য়ে লাফিকুলৰ হত্যাকাণ্ডৰ তদন্ত চলাই নিছে আৰু অচিৰেই ঘটনাটোৰ তদন্ত  চিবিআইৰ দ্বাৰা হব বুলি হাগ্ৰামা মহিলাৰীয়ে ব্যক্ত কৰে ৷ তেতিয়াই হত্যাকাণ্ডটোৰ সৈতে কোন দল, সংগঠন নাইবা ব্যক্তি জড়িত আছে সেয়া জলজলপটপটকৈ ওলাই পৰিব ৷ তেনেক্ষেত্ৰত এখন কাকতৰ মুখ্য সম্পাদকে কিহৰ ভিত্তিত লাফিকুলৰ হত্যাকাণ্ডটোৰ সৈতে প্ৰাক্তন বিএলটি জড়িত থকা বুলি বাতৰি পৰিৱেশন কৰিলে সেয়া ৰহস্যজনক বুলি মন্তব্যৰে মহিলাৰীয়ে লাফিকুল হত্যাকাণ্ডটোৰ সৈতে প্ৰাক্তন বিএলটি জড়িত থকা প্ৰমাণিত হ'লে তেওঁ বিটিচি চীফৰ পৰাই পদত্যাগ কৰিব বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে।

ইপিনে সৌসিদিনা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত বিজেপিৰ নেতা,কৰ্মীয়ে বিটিচি অঞ্চলৰ ৰাইজৰ পৰা পাচঁৰ পৰা দহ হেজাৰ টকা পৰ্যন্ত উপঢৌকন লোৱা বুলি অভিযোগ অনাৰ পিছতেই উক্ত বিশেষ কাকতখনৰ মুখ্য সম্পাদকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে লাগি থকা বুলি হাগ্ৰামাই মত পোষণ কৰিছে৷