বৰমাত বড়ো সাহিত্য দিৱস উদযাপন

নলবাৰীঃ বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা থানাৰ অন্তৰ্গত কালজাৰ জুলি মৈদামত ১৬ নবেম্বৰত অনুষ্ঠিত কৰিবলগীয়া বড়ো সাহিত্য দিৱসৰ আদৰণি সমিতিৰ কাৰ্যালয়টো আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য অনসুমৈ খুংগুৰ বড়োই আনুষ্ঠানিকভাবে উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ উপ সভাপতি দীপক কুমাৰ বসুমতাৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি অতুল স্বৰ্গীয়াৰীৰ লগতে জিলা বিষয়ববীয়া, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক জৗংসাৰ ৰামচিয়াৰীৰ লগতে বিষয়ববীয়া, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু বৰমা অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰাৰ পাছত আদৰণি সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত বিত্ত সংগ্ৰহৰ ওপৰত বিতং ভাবে আলোচনা কৰাৰ লগতে স্মৃতি গ্ৰন্থ, মূল তোৰণ, প্ৰতিনিধি সভা গৃহ আদিৰ নামাকৰণৰ ওপৰত আলোচনা কৰে। জানিবলৈ পৰা মতে বড়ো সাহিত্য দিৱসৰ সংগতি ৰাখি অহা ১৪ নবেম্বৰ দিনাখন পুৱা বড়ো লোকসাহিত্যৰ সাধক (বড়ো খুগা থুনলাইনি অজা) সুকুমাৰ বসুমতাৰীৰ ২১ তম মৃত্যু দিৱস পালন কৰিব।

সেইদিনা বড়ো সাহিত্য সভাৰ পতাকা অৰ্ধনমিত উত্তোলন কৰিব বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ বসুমতাৰীয়ে। বড়ো লোকসাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিব আমন্ত্ৰিত অতিথিয়ে। বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক জৗংসাৰ ৰামচিয়াৰীয়ে আগধৰা বড়ো লোকসাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ স্মৃতিত এখন সভা অনুষ্ঠীত কৰিব। আবেলি বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। ১৫ নবেম্বৰৰ পুৱা বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। আবেলি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সাহিত্য, সাংস্কৃতিক আদিৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

১৬ নবেম্বৰ তথা বড়ো সাহিত্য দিৱস দিনাখন পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনৰ পিছত বড়ো সাহিত্য সভাৰ পতাকাখন লৈ সাহিত্য প্ৰেমী ৰাইজে বৰমা অঞ্চলত সাহিত্য শোভা যাত্ৰা কৰিব। দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। মুকলি সভাৰ অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী আৰু বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰী সকলক আমন্ত্ৰন জনোৱাৰ কথা।

ইতিমধ্যে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ ৪৮ তম  বছৰেকীয়া সভা আৰু ৬৬ তম ১৬ নবেম্বৰৰ ‘বড়ো সাহিত্য দিৱস’ উদযাপনৰ লগতে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৫ তম বছৰেকীয়া সভাখন অনুষ্ঠিত কৰিবলৈ প্ৰাক্তন ছাত্ৰ নেতা তথা বড়োলেণ্ড আলোচনীৰ মুখ্য সম্পাদক ৰজনী বৰজৌৱাৰীক আদৰণি সমিতিৰ সভাপতি আৰু শ্যামল বসুমতাৰীক মুখ্য সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখন আদৰণি সমিতি গঠন কৰিছে।  

আজি কালজাৰ জুলি মৈদামত অনুষ্ঠিত আদৰণি সমিতিৰ কাৰ্যালয় উদ্বোধনী সভাৰ উদ্দেশ্য বাখ্যা কৰে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক শ্যামল বসুমতাৰীয়ে। সভাত বিত্ত বিভাগৰ সভাপতি হিচাপে কনক বড়োক দায়িত্ব অৰ্পণ কৰা হয়৷