
গোৰেশ্বৰঃ অসমীয়াৰ আকাশৰ সু-উজ্জল ভোটা তৰা জুবিন গাৰ্গৰ বিগ বাজেটৰ ছবি ‘মিছন চাইনা’ ছবিঘৰলৈ আহিবলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন৷ ইতিমধ্যে জনপ্ৰিয় শিল্পীগৰাকীয়ে কলা-কুশলীক লগত লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ে মহাবিদ্যালয়ে নামি পৰিছে প্ৰচাৰ অভিযানত৷ বহুল বাজেটৰ ছবিখনৰ প্ৰচাৰত পিছ পৰি থকা নাই জুবিন ফেন ক্লাৱো।
মিছন চাইনা ছবিখনক দৰ্শকৰ ওচৰ চপাই নিয়াৰ প্ৰচেষ্টাৰে বাক্সা জিলা জুবিন ফেন ক্লাৱে অহা ৭ চেপ্তেম্বৰত বাইক ৰেলীৰ প্ৰস্তুতি চলাইছে। জুবিন ফেন ক্লাৱে নিজৰ ধন খৰচ কৰি টি-চাৰ্টো প্ৰস্তত কৰিছে বাইক ৰেলীৰ বাবে। গোৰেশ্বৰৰ পৰা নাওকাটালৈ আয়োজন কৰা হৈছে এই বাইক ৰেলীৰ।
সকলো জুবিন গাৰ্গ অনুৰাগীৰ সহযোগ কামনা কৰিছে জুবিন ফেন ক্লাৱটোৱে। ৰেলীত অংশ গ্ৰহণৰ বাবে জুবিন ফেন ক্লাৱৰ মৃণাল ৰাজবংশী (৯৪৩৫৬৬৫২০৫) আৰু দিপাংকৰ ডেকা(৯৮৫৪৯৬৩৮৮৭) ৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সকলে জনাইছে।