তেজপুৰত কলা বীথিকা উদ্বোধন

তেজপুৰঃ সাংস্কৃতিক নগৰী তেজপুৰৰ সাহিত্য সংস্কৃতিৰ লোক সকলৰ প্ৰচেষ্টাত ১৯১৫ চনত প্ৰতিষ্ঠা হোৱা অসমীয়া ক্লাৱৰ সহযোগত আজি তেজপুৰ চহৰত ‘কলা বীথিকা’ নামেৰে এখন সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰা হয়৷

 নতুন প্ৰজন্মৰ চিত্ৰশিল্পী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানখনৰ উদ্ধোধন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই। তেজপুৰৰ তৰুণ অসম সংঘৰ জৰিয়তে আৰাম্ভ কৰা কলা বীথিকাৰ উদ্ধোধন কৰা শুভ উদ্ধোধনী সভাত জিলা উপাযুক্ত মনোজ কুমাৰ ডেকাৰ লগতে তেজপুৰৰ বিশিষ্ট লোক সকল উপস্থিত থাকে৷ অনুষ্ঠানৰ ভাষণত আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই অসমত পুণৰ প্ৰযোজ্য হৱলগীয়া  সেনাৰ বিশেষ আইনৰ প্ৰযোজন নাই বুলিও উল্লেখ কৰে৷