কমলপুৰত স্মৃতিচাৰণ সভা

বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ শিঙাপাৰা গাওঁ পঞ্চায়তৰ অৰ্ন্তগত তুলসী খৰিকটাত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক, সৰবৰহী ব্যক্তি, বিশিষ্ট সমাজ সংগঠক পবিত্ৰ ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকি উপলক্ষে এখন স্মৃতিচাৰণ সভা আজি অনুষ্ঠিত কৰা হয়।

উক্ত সভাত পবিত্ৰ ডেকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে কনিষ্ট ভগ্নী দিপালী ডেকাই। দিনৰ ভাগত কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভুবনেশ্বৰ ডেকাৰ সভাপত্বিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত স্মৰণিকা ‘পবিত্ৰ সুবাস’ উন্মোচন কৰে কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই। সভাত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৰেন দাস আৰু কামৰূপ জিলা দেৱ দামোদৰ সংঘৰ নৃপেন ভাগৱতীয়ে ভাষণ প্ৰসংগত পবিত্ৰ ডেকাৰ স্মৃতি ৰোমন্থন কৰে।