
Dreamstime
নগাঁওঃ নগাঁৱৰ বেবেজীয়াৰ খালৈগাঁওস্থিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পাৱাৰ গ্ৰেড ষ্টেছনৰ মুৰব্বী অভিযন্ত্ৰা বাবুল পাটৰৰ শণিবাৰে মৃত্যু হয়৷
মৃত্যুৰ সময়ত অভিন্তাগৰাকীৰ বয়স হৈছিল ৫৫ বছৰ৷ বিগত প্ৰায় এবছৰ কাল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পাটৰ৷ ইতিমধ্যে হায়দৰাবাদত উন্নত চিকিৎসা গ্ৰহন কৰি অহা পাটৰ বহু পৰিমাণে সুস্থ হৈ উঠিছিল যদিও হঠাতে বৃহস্পতিবাৰৰ নিশা অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ পাটৰক চিকিৎসালয়ত ভৰ্তি কৰে দিও শেষ নিশ্বাস ত্যাগ কৰে৷
মৃত্যুৰ সময়ত সহধৰ্মিনী সহিতে এজন পুত্ৰ আৰু তিনি গৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায় পাটৰে৷ অভিযন্তাগৰাকীৰ মৃত্যুত কৰ্মস্থলী খালৈগাঁও আৰু চৰাইবাহী অঞ্চলত শোকৰ ছাঁ পৰে৷ বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷