
ঢেকীয়াজুলিঃ সমগ্ৰ দেশে ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস পালন কৰিবলৈ উঠি পৰি লগাৰ সময়তে শিক্ষকৰ প্ৰহাৰত কাপোৰতে প্ৰস্ৰাৱ কৰিলে ছাত্ৰই৷ এখন বেচৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকে সংঘটিত কৰিছে এই কাণ্ড৷ ছাত্ৰ-ছাত্ৰীক এই শতিকাৰ শিক্ষিত মানুহ কৰাৰ সপোন দেখুওৱা ঢেকীয়াজুলি চহৰৰ সমীপৰ মিঠামতস্থিত চেইন্ট উৰ্চুলা নামৰ মিছনেৰী বিদ্যালয়খনত আজিও আনদিনাৰ দৰে শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলে সমূহীয়া প্ৰাৰ্থনাত অংশ লয়৷
ঠিক এনে সময়তে ক্লাছ টুত অধ্যয়ন কৰা একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত হাতত বেত লৈ অাৰ্বিভাৱ ঘটিল বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ কাণ্ডোল’নাৰ৷ একাংশ কণ কণ ছাত্ৰীৰ কোমল ভৰিতো এফালৰ পৰা শিক্ষকজনে বেতেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ কণমানিহতঁৰ যন্ত্ৰণাৰ চিঞৰত কঁপি উঠে বিদ্যালয়খন৷
চুলি বান্ধিব নজনাৰ বাবেই শিক্ষক সঞ্জীৱে তেনেদৰে মাৰধৰ কৰে ছাত্ৰীক৷ ছাত্ৰীয়ে দুকোছাৰ পৰিৱৰ্তে একোছাকৈ মুৰৰ চুলি বান্ধিছিল আৰু ছাত্ৰজনে পোছাকাত পিন্ধা নাছিল টাই৷ আনহাতে এগৰাকী ছাত্ৰই টাই পিন্ধি নহাত বেয়াকৈ মাৰ-ধৰ কৰে শিক্ষকজনে৷

অপৰাধী সজাই এইসকল ছাত্ৰ-ছাত্ৰীক চেইন্ট উৰ্চুলা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ শিক্ষকজনে দিলে চৰম শাস্তি৷ শিক্ষকজনৰ নিৰ্মম প্ৰহাৰত কনমানিহতঁৰ যন্ত্ৰনাৰ বুজ ল’বলৈ কাষত নাছিল কোনো অভিভাবক ৷ গতিকে অসহ্য যন্ত্ৰনা সহি ওৰে দিনটো এনেদৰেই বেতৰ কোবত চিৰাচিৰ হোৱা ভৰিৰে এটাৰ পিছত এটাকৈ ক্লাছ কৰে৷
বিদ্যালয়খনত শিক্ষকে সংঘটিত কৰা এই ঘটনাক বিদ্যালয় ছুটিৰ বহু পিছত পোহৰলৈ আনে প্ৰহৃত হোৱা ছাত্ৰী এগৰাকীৰ অভিভাৱকে৷ অভিভাৱকগৰাকীয়ে জনোৱা মতে তেওঁৰ কন্যাই ঘৰলৈ আহি বিয়লি পৰত ভৰিত অসহ্য বিষ অনুভৱ কৰে৷ তাই দেউতাকক দিনত বিদ্যালয়ত শিক্ষকে তাইক দিয়া শাস্তিৰ বিৱৰণ কৈ কান্দি কান্দি ভৰিৰ অঘাতপ্ৰাপ্ত অংশ দেখুৱায়৷
পিছত পিতৃয়ে চিকিৎসাৰ ব্যৱস্থা কৰে ছাত্ৰীগৰাকীক৷ ইয়াৰ পিছতেই ছাত্ৰীগৰাকীৰ পিতৃয়ে শিক্ষকজনৰ কাণ্ডত হতবাক হৈ ফেচবুকৰ জৰিয়তে বিষয়টো ৰাইজক অৱগত কৰে৷ ইতিমধ্যে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে ছাত্ৰ সংগঠনে৷

আনহাতে বিদ্যালয়খনত এনেধৰণে শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত পূৰ্বতেও অমানুষিক শাস্তি চলি আহিছে বুলিও একাংশ অভিভাৱকে জানিবলৈ দিছে৷ এনেদৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ভিতৰচ’ৰাত শিক্ষকৰূপী এইজন লোকে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি আমছুৰ শোণিতপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰহমত আনছাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
উল্লেখ্য যে কিছুদিন পূৰ্বে নাহৰকটীয়াত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ ঘটনা সংঘটিত কৰিছিল। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই সংঘটিত হোৱা উক্ত ঘটনাটোক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।