বিষ্ণুপুৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

Igniting
Igniting

পাথৰিঘাটৰঃ বিগত বছৰৰ দৰে এইবেলিও বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, দৰং জিলা শাখাৰ শিক্ষা সমিতিৰ উদ্যোগত আৰু মণিকাঞ্চন আঞ্চলিক শাখাৰ আতিথ্যত আজি বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বিষ্ণুপুৰ, বুঢ়াত অনুষ্ঠিত হৈছে।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মণিকাঞ্চন আঞ্চলিক শাখাৰ এলেকাধীন অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক সকলক সম্বৰ্দ্ধনা আৰু ২০১৭ বৰ্ষৰ প্ৰতিভা সন্ধানী পৰীক্ষাত স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীবৃন্দক বঁটা প্ৰদানৰ লগতে কৃতিত্বৰে উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰিব।