যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত শিক্ষাগুৰু সকলক সম্বৰ্ধনা

কাৰ্বি আংলংঃ মহান শিক্ষক, দাৰ্শনিক, পণ্ডিত তথা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে আজি দেশৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় সমূহত উলহ-মালহৰে উদযাপন কৰা হয়৷

দাৰ্শনিক শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৬ সংখ্যক জন্মদিনটো আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ অন্তৰ্গত বকলীয়াঘাট আঞ্চলিক সমিতি, পাৰখোৱা আঞ্চলিক সমিতি আৰু ৰজাপথাৰ আঞ্চলিক সমিতিয়ে নিজ নিজ অঞ্চলৰ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক সম্বৰ্ধনা জনাই শিক্ষক দিৱস হিচাপে পালন কৰে৷

পৰিষদৰ আঞ্চলিক সমিতি সমূহৰ বিষয়ববীয়াই নিজ নিজ এলেকাৰ বিদ্যালয়-মহাবিদ্যালয় সমূহলৈ গৈ শিক্ষক-শিক্ষয়ত্ৰীসকলক একোখনকৈ প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায়৷ যুৱ-ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিয়ে ৭ খন বিদ্যালয়ৰ লগতে ১ খন মহাবিদ্যালয়, পাৰখোৱা আঞ্চলিক সমিতিয়ে ৫ খন বিদ্যালয় আৰু ৰজাপথাৰ আঞ্চলিক সমিতিয়ে ৫ খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷

উল্লেখ্য যে, আজি শিক্ষক দিৱস উপলক্ষে যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিসমূহৰ তৰফৰ পৰা জনোৱা সম্বৰ্ধনা অনুষ্ঠানত বকলীয়াঘাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ দাস, সাধাৰণ সম্পাদক অক্ষয় কুমাৰ কোচ, পাৰখোৱা আঞ্চলিক সমিতিৰ সভাপতি বিতোপন বড়ো, সাধাৰণ সম্পাদক ৰাহুল মেচ, ৰজাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি মৃদুল শইকীয়া, সাধাৰণ সম্পাদক অনুকুল বৰা উপস্থিত থকাৰ লগতে আঞ্চলিক সমিতি সমূহৰ আন আন বিষয়ববীয়াও উপস্থিত থাকে৷