নিৰূদ্দিষ্ট পুত্রৰ সন্ধান পালে পিতৃ-মাতৃয়ে

নামতিঃ শিৱসাগৰ জিলাৰ নিৰুদিষ্ট সন্তান লাভ কৰিলে পিতৃ-মাতৃয়ে৷ আজি জয়সাগৰস্থিত ‘স্বপ্নালয়’ নামৰ শিশু গৃহটোৰ পৰা পিতৃ-মাতৃয়ে নিৰুদিষ্ট নিজ নিজ সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, জয়পুৰ কেন্দুগুৰি গাঁৱৰ সপ্তম শ্রেণীৰ ছাত্র ৰহন নন্দ (১২) আৰু জয়পুৰ ৯ নং বাগানৰ তৃতীয় শ্রেণীৰ ছাত্র ৰোহিত কুমাৰ (৮) নামৰ শিশু দুটাক যোৱা ২ চেপ্তেম্বৰৰ নিশা শিৱসাগৰৰ ‘নৱ উদিত সমাজ’ নামৰ এটা এন জি অ’ই জিলাখনৰ নামতি আলি ৰেল ষ্টেচনত উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা অচিনাক্ত শিশু দুটা এন জি অ টোৱে স্থানীয় নামতি আৰক্ষী থানাত লগে লগে চমজাই দিয়ে যদিও আৰক্ষীয়ে শিশু দুটাৰ পৰিয়ালৰ কোনা সন্ধান উলিয়াব নোৱাৰাত উপায়হীন হৈ পুনৰ এন জি অ টোৱে ৩ চেপ্তেম্বৰত শিৱসাগৰৰ জয়সাগৰস্থিত ‘চপ্নালয়’ নামৰ শিশু গৃহটোত চমজায় ৰাখে।

নিৰুদিষ্ট এই দুই শিশুৰ সম্পৰ্কে ৪ চেপ্তেম্বৰত News Next One ত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই শিশু দুটাৰ পিতৃ-মাতৃয়ে ‘নৱ উদিত সমাজ’ৰ লগত যোগাযোগ কৰে৷

আজি এন জি অ’টোৰ সহযোগত নিজ নিজ সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ শিশু দুটিৰ পিতৃ-মাতৃয়ে হেৰাই যোৱা পুত্ৰক পুনৰ উভটাই পায় ‘নৱ উদিত সমাজ’ৰ লগতে উল্লেখিত সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে৷