ৰাইদঙীয়াত আছুৰ শিক্ষক দিৱস উদযাপন

জাজৰিঃ বিগত কেইবাবছৰ ধৰি ৰাইদঙীয়া আঞ্চলিক ছাত্র সন্থাই উদযাপন কৰি আহিছে শিক্ষক দিৱস আৰু কৃতি ছাত্র-ছাত্রীৰ অভিনন্দন অনুষ্ঠান। আজি শিক্ষক দিৱস উপলক্ষ্যে ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা।

ৰাইদঙীয়া আছুৰ সভাপতি ভাস্কৰ জ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰমোদ দাস আৰু সম্পাদক প্ৰাঞ্জল দাসে। হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে উদ্বোধন কৰা সভাত শিল্পী কৃষ্ণমনি নাথ, সমাজকৰ্মী নৱকমল ৰাজা, নৰেন বৰা আৰু নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ দাসে শিক্ষক সমাজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত বক্তব্য দিয়ে।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অঞ্চলৰ ২০ গৰাকী কৃতি ছাত্র-ছাত্রী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ষ্ঠ স্থান প্ৰাপ্ত ৰাইদঙীয়াৰ মেধাবী ছাত্রী অমানিশা বৰাৰ লগতে অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰধানশিক্ষক সকলক সম্বৰ্দ্ধনা জনায়।