
নগাওঁঃ নগাওঁ সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আজি নকল নোট সহ দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যৱসায়ী দুজন হ'ল নগাওঁ চহৰৰ চকীটুপ অঞ্চলৰ ওমৰ শ্বাহ আৰু পল্টু বৰ্মন।
নগাওঁ আৰক্ষী সুত্ৰই জনোৱা মতে এই দুজন নকল নোটৰ ব্যৱসায়ীয়ে একেটা অঞ্চলৰ ৰবি বৰ্মন আৰু শৰ্মিলা বৰ্মনক ১৪০০ টকা নকল নোট দিছিল।
এই দুজন লোকৰ চিকাৰোক্তিৰ ভিত্তিতেই আজি নগাওঁচহৰৰ চকীটুপৰ পৰা ওমৰ আৰু পল্টুক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ধৃত যুৱক দুজনক নগাওঁ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।