লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু

চৰাইদেউঃ চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত আজি পুৱাৰ ভাগতে সংঘটিত এক দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু হয়। জানিব পৰা মতে, কেন্দ্ৰটোত নিৰ্মান চলি থকা লাকুৱা ৰিপ্লেছমেন্ট পাৱাৰ প্ৰজেক্টৰ কামত নিয়োজিত এখন হাইড্ৰা নামৰ গধুৰ বাহনেৰে সামগ্ৰী কঢ়িয়াই থকা অৱস্থাত আজি দিনৰ প্ৰায় ১১ বজাত উজ্জ্বল দত্ত (২৩) নামৰ অস্থায়ী শ্ৰমিক জন আকস্মিক ভাবে পৰি যোৱাত বাহনখনৰ চকা শ্ৰমিক জনৰ গাৰ ওপৰেৰে পাৰ হৈ যায় ।

কেন্দ্ৰটোত থকা অন্যান্য শ্ৰমিক সকলে আহত শ্ৰমিকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে উজ্জ্বলৰ কৰুণ মৃত্যু ঘটে। যুৱকজনৰ এই কৰুণ মৃত্যুত আজি কেন্দ্ৰটোত সকলো নিৰ্মাণকাৰ্য্য বন্ধ হৈ পাৰে।

মাইবেলা ১০১ নং গ্ৰাণ্ট নিবাসী যুৱকজনৰ মৃত্যুত কেন্দ্ৰটোৰ ভিতৰে বাহিৰে তথা অঞ্চলজুৰি গভীৰ শোঁকৰ ছাঁ পৰিছে। দত্তৰ মৃত্যুৰ সময়ত পত্নীসহ এটি তিনিবছৰীয়া পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ গৈছে।