
নাৰায়ণপুৰঃ অহা ইং ৮ চেপ্তম্বৰ শুক্ৰবাৰে প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ ৯১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি জৰাবাৰী জ্যোতি সংগমত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা "মংগলম"ৰ সৌজন্যত দিন যোৰা কাৰ্যসূচীৰে চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
পূৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাসমূহত ইচ্চুক প্ৰতিযোগী সকলৰ নাম পঞ্জীয়ণ বিভাগীয় সম্পাদকৰ লগত যোগাযোগ তথা সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মংগলমৰ সমূহ বিষয়ববীয়াই।