ৰঙিয়াত উদ্ধাৰ বন ৰৌ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ৰঙিয়াঃ ৰাজ্য়ত আজিও অব্য়াহত আছে বন্য় জীৱ-জন্তুৰ অবৈধ ব্য়ৱসায়। তাৰ মাজতে ৰঙিয়াত বন বিভাগৰ অভিযানত বনৰৌ সহ জালত পৰিল চোৰাং ব্য়ৱসায়ী।

ৰঙিয়া চহৰৰ সমীপৰ কেইবাটা ঠাইত বন বিভাগে অতৰ্কিতে অভিযান চলায়৷ অভিযান কালত বনবিভাগে ৰঙিয়াৰ আইঅচিৰ পৰা প্ৰায় আঢ়ৈ কেজি ওজনৰ এটি বন ৰৌ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বনৰৌ সৰবৰাহৰ লগত জড়িত মুফিত মহম্মদ নামৰ লোক এজনক আটক কৰিবলৈ সক্ষম হয়। বন বিভাগে মুফিত মহম্মদক সোধ-পোছৰ অন্তত ৰঙিয়া আৰক্ষীক গতাই দিয়ে।