
চাবুৱাঃ আততায়ীৰ হাতত গুলিবিদ্ধ হৈ মৃত্যুমখত পৰা সাংবাদিক গৌৰী লংকেশৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি চাবুৱাত চাবুৱা মিডিয়া ফ'ৰামৰ উদ্যোগত ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চ, চাবুৱা প্ৰেছ গীল্ড আৰু মটক যুৱ-ছাত্র পৰিষদৰ সহযোগত সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি এহেজাৰ এগছি বন্তি প্ৰজ্বলন কৰি সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
অানফালে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ চাবুৱা অাঞ্চলিক সমিতিৰ কাৰ্যালয়ত অসমৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিনৰ শ্রদ্ধাৰে পালন কৰা লগতে চাবুৱা সাংবাদিকসকলে ভূপেন হাজৰিকাৰদেৱৰ গীত 'মানুহে মানুহ মানুহৰ বাবে' শীৰ্ষ সংগীতটো পৰিৱেশন কৰে৷