
নলবাৰীঃ আজি জনতাৰ শিল্পী, অসমীয়া জাতিৰ গৌৰৱ ডঃ ভূপেন হাজৰিকাৰহ ৯১ সংখ্যক জন্মদিন নলবাৰীৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলা পৰিষদ, নলবাৰী প্ৰেছ ক্লাৱত উদযাপন কৰাৰ উপৰি নলবাৰী থানাৰ চকত আবেলি এজাক মানৱতাবাদী শিল্পীয়ে এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰে। দিনৰ ভাগত নলবাৰী জিলা পৰিষদ সভাকক্ষত এটি কেক কাটি শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হয়।
তদুপলক্ষে জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধিৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, পৰিষদৰ উপ সভানেত্ৰী ৰীতা দত্ত, সদস্যা ৰীতামণি ডেকা সহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাত ভাষণ প্ৰসংগত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই কয়- ডঃ ভূপেন হাজৰিকা আছিল অসমীয়াৰ হিয়াৰ আমঠু। তেওঁ অসমক মনে প্ৰাণে ভাল পাইছিল। তেওঁ সংগীতৰ মাজেৰে মানুহৰ হৃদয় জুৰ পেলাইছিল। যি সংগীতত মাথো মানুহৰ জীৱন যৌৱন শৈলীৰ প্ৰকাশ পাইছিল। ডঃ ভূপেন হাজৰিকাৰই অসমক বহুত দিলে। এতিয়া তেওঁক আমি দিব লাগে। যদিও তেওঁৰ মৃত্যু হৈছে, তথাপি অমৰ হৈ আছে অসম তথা ভাৰতবৰ্ষৰ জনতাৰ হৃদয়ত বুলিও দোহাৰে বিজেপি নেতা ডেকাই।
ইফালে আজি সন্ধিয়া নলবাৰী প্ৰেছ ক্লাৱত এটি কেক কাটি ভূপেন দাৰ জন্মদিন পালন কৰা হয়। প্ৰেছ ক্লাৱৰ সম্পাদক মজিবুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানত প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মাই ডঃ হাজৰিকাৰ জীৱন পৰিচৰ্য্যা সম্পৰ্কত ভাষণ ৰাখে।
অনুষ্ঠানত সাংবাদিক জ্ঞানজ্যোতি শইকীয়া, অৰবিন্দ চক্ৰৱৰ্তী সহ বহু কেইজন লোকে উপস্থিত থাকে। আনহাতে সন্ধিয়া নলবাৰী সদৰ থানৰ চকৰ ঘূৰণীয়া পাৰ্কৰ দাঁতিতে সুধাকণ্ঠৰ গুণমুগ্ধই এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানেৰে ডঃ হাজৰীকাৰ জন্মদিন উদযাপন কৰে।