হোজাইত ডিষ্ট্ৰিক চায়েন্স চিটি এণ্ড আৰথেন জু মুকলি

লংকাঃ হোজাইৰ সদৰ শংকৰদেৱ নগৰত পোন প্ৰথম বাৰৰ বাবে, সৰস্বতী বিদ্যা মন্দিৰৰ ব্যৱস্থাপনাত তথা অশ্বিনী ৱেলফেয়াৰ চচাইটি হোজাই শাখাৰ উদ্যোগত বেচৰকাৰী ভাৱে ডিষ্ট্ৰিক চায়েন্স চিটি এণ্ড আৰথেন জু নামৰ এখন ৫ বছৰৰ পৰিকল্পনাৰে স্থায়ী বিজ্ঞান প্ৰদৰ্শনী শনিবাৰে মুকলি কৰা হয়৷

শংকৰদেৱ নগৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপত স্থাপন কৰা বিজ্ঞান প্ৰদৰ্শনীখন শনিবাৰে আনুষ্ঠানিক ভাৱে ফিটা কাটি মুকলি কৰে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে৷ লগতে তেওঁ এই বিজ্ঞান মেলালৈ বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা কয়৷

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ মাজত বৌদ্ধিক তথা মানসিক বিকাশৰ লগতে সমূহ ৰাইজক বিজ্ঞানৰ ওপৰত বাস্তৱ শিক্ষা দিয়াৰ লক্ষ্যৰে নিৰ্মান কৰা এই বিজ্ঞান প্ৰদৰ্শনীখনত বিজ্ঞানৰ লগত জড়িত বিভিন্ন বিজ্ঞান সন্মত বয়-বস্তু, জীৱ-জন্তুৰ প্ৰতিমূৰ্ত্তী, বিজ্ঞানৰ বিভিন্ন সা-সৰঞ্জাম প্ৰদৰ্শনৰ বাবে ৰখা হৈছে৷

তদুপৰি বিগত দিনত হাইস্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি বিজ্ঞানৰ ওপৰত ছাত্ৰ-ছাত্ৰীক বাস্তৱ শিক্ষা দিয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা কথা অৱগত কৰাৰ লগতে বিগত দিনত এখন পূৰ্ণাংগ চায়েন্স চিটি নিৰ্মাণ কৰা কথাও অৱগত কৰে উদ্যোক্তাসকলে৷