১২ ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ

শিৱসাগৰঃ ১২ ঘন্টীয়া শিৱসাগৰ জিলাৰ বন্ধৰ আহ্বান জনাইছে কেইবাটাও জাতীয় সংগঠনে৷

১১ চেপ্তম্বৰৰ পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে সদৌ তাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, টাইপা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আমছু, আক্ৰাছু, উজনি অসম মুছলিম কল্যাণ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, কৈৱৰ্ত্ত  ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, অনুসূচীত জাতি ছাত্ৰ সন্থাই৷

শিৱসাগৰ জিলাৰ ১৫৩০ জন বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ বেতন নিয়মীয়াকৰণ কৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰাতৰ ৩০০ কোটি টকাৰ কেলেংকাৰী তদন্তৰ দায়িত্ব চিবিআইক দিয়া, দীক্ষা ৰাজকুমাৰীৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত সংগঠনকেইটাই শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰে সংগঠনকেইটাই৷